নামানো ‘কা', নামানো পুনৰাই এন আৰ চি :: অসমৰ ২২টা সংগঠনৰ আহ্বান

Posted by স্বাভিমান Labels: , , , ,

নামানো ‘কা', নামানো পুনৰাই এন আৰ চি, নামানো অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ নামত বিভাজনৰ চল-চাতুৰী; আহক, সকলোৱে মিলি দেশজুৰি হোৱা ফেচিবাদ বিৰোধী গণ জাগৰণত চামিল হওঁ।

নামানো ডিটেনচন কেম্প নামক হিটলাৰী কনচেনট্ৰেচন কেম্পত সহোদৰৰ অপমৃত্যু; নামানো হেজাৰ হেজাৰ কোটি ৰাজহুৱা ধনৰ শৰাধেৰে ট্ৰিবুনেলৰ ভেকো-ভাওনা;  আহক, ৰাজনীতি আৰু প্ৰশাসনিক বৈষম্যৰ বলি হৈ  এন আৰ চি চ্যুত ১৯ লক্ষাধিক লোকক ট্ৰিবুনেল বহিৰ্ভূত যথাযথ প্ৰক্ৰিয়াৰ দ্বাৰা ন্যায় প্ৰদানৰ দাবীত সৰৱ হওঁ।

বাংলাদেশী ভগনীয়াৰ আগ্ৰাসনৰ অলীক আশংকাত আবেগৰ ঢৌত ভাহি নহয়, ধৰ্মীয় মেৰুকৰণে অসমীয়া জাতীয়তাৰ প্ৰতি কঢ়িয়াই অনা প্ৰকৃত বিপদৰ প্ৰতি সজাগ হওঁ; আহক, সমস্বৰে সমগ্ৰ অসমবাসীয়ে দাবী তোলোঁ সংবিধান সংশোধন কৰি অসমত ৰাজ্য ভাষাৰ প্রশ্নত স্থায়ী ভাবে বৰ্তমানৰ স্থিতাৱস্থা বাহাল ৰখাৰ।

আহক, অখিল গগৈকে ধৰি কা বিৰোধী জন জাগৰণৰ আটাইকেইগৰাকী বন্দীৰ বিনাচৰ্তে মুক্তিৰ দাবীত ৰাজপথ কঁপাও; আহক, দাবী তোলোঁ পঞ্চ শ্বহীদৰ হত্যাৰ ক্ষতিপূৰণকে ধৰি প্রতিজন নিৰ্যাতিতৰ বাবে ক্ষতিপূৰণ।
আহক, জাগি উঠা নতুন ভাৰতৰ, নতুন অসমৰ  আমিও অংশীদাৰ হওঁ।
(C)Image

‘সন্মিলত নাগৰিক মঞ্চ’, ‘ব্রহ্মপুত্র ভেলী চিভিল ছ’চাইটী’, ‘সদৌ অসম সংখ্যালঘূ ছাত্র ইউনিয়ন’(আমছু), ‘সদৌ অসম আদিবাসী ছাত্র সন্থা’(আছা),অসম সংখ্যালঘু সংগ্রাম পৰিষদ’, ‘নিউ ট্রেড ইউনিয়ন ইনিচিয়েটিভ, আছাম’ ‘দেশপ্রেম’ ‘সংখ্যালঘূ গণতান্ত্রিক যুৱ ছাত্র ফেডাৰেচন’ ‘প্রয়াস’ ‘ভাৰতীয় নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ’, ‘ নিখিল ভাৰত বাঙালি সংগঠন’, ‘ নিউ ইণ্ডিয়া স্টুডেন্টচ্ এচোচিয়েচন’, ‘ ফ’ৰাম ফৰ চোচিয়েল হাৰমনি’, ‘ হিউমেন ৰাইটছ এণ্ড এন্টি কৰাপচন ফাউন্ডেচন, ইণ্ডিয়া’, ‘অসম মজুৰি শ্রমিক ইউনিয়ন’, ‘জাষ্টিছ ফ’ৰাম, আছাম’, ‘ঝাড়খণ্ডী আদিবাসী সংগ্রাম পৰিষদ’, ‘বৰাক হিউমেন ৰাইটছ প্রোটেকচন কমিটি’ .’মানৱ একতা মঞ্চ, অসম’, ‘কৃষক-শ্রমিক উন্নয়ন পৰিষদ’, ‘কনচেপ্তঃ পিপল এণ্ড আইডিয়াজ’,’আদিবাসী মাতৃভাষা দাবি সমিতি’, ‘ৱমেন ইন গবৰনেন্স’



কোচ-কলিতা-আহোম-চুতীয়া-মৰাণ-মটক, অসমীয়া-বঙালী-বিহাৰী-মাৰোৱাৰী,  বড়ো-ৰাভা-মিছিং-কাৰ্বি-ডিমাছা, আদিবাসী-মিঞা-গোৰ্খালি, হিন্দু-মুছলমান যিয়েই নহওঁক কিয় জাতি-বৰ্ণগত কিম্বা ধৰ্মীয় আমাৰ পৰিচয়; মুঠতে আমি অসমৰ, আমি ভাৰতৰ । এই দেশৰ নাগৰিক আমি। এই শ্বাশ্বত সত্যৰ ওপৰতেই নামি আহিছে আজি আক্ৰমণ। চূড়ান্ত ধূর্তালিৰে বিজেপি চৰকাৰে নাগৰিকত্ব আইনত ‘কা’-ৰ জৰিয়তে সংশোধনী আনি ধৰ্মৰ নামত ভাগ কৰিব বিচাৰিছে দেশৰ জনতাক, উদ্যত হৈছে দেশৰ সংবিধান, দেশৰ আত্মাক হত্যা কৰিবলৈ। আমাৰ দ্বাৰাই নিৰ্বাচিত হৈ সিহঁতে বিচাৰিছে আমাৰেই নাগৰিকত্বৰ পৰীক্ষা লবলৈ । সিহঁতে হেনো কৰিব দেশজুৰি এন আৰ চি। এন আৰ চি ৰ জৰিয়তে কাগজ পাতিত থকা সামান্য হেৰফেৰৰ অজুহাতত কোটি কোটি দুখীয়া-নিচলাৰ কাঢ়ি লব বিচাৰিছে নাগৰিকত্বৰ অধিকাৰ। মুচলমান সকলক বাদ দি বাকী সকলৰ সন্মুখত ৰাখিছে ‘কা'-ৰ জৰিয়তে শৰণাৰ্থী বনাই পৰবৰ্তী পৰ্যায়ত পুনৰাই নাগৰিকত্বৰ বাবে আবেদনৰ সুযোগ প্ৰদানৰ টোপ।মুছলমান হলে এশ এবুৰি অজুহাতত নাগৰিকত্ব কাঢ়ি লোৱাৰ চক্রান্তত সিহঁত আজি মচগুল, যাতে সিহঁতৰ দেশীয় প্ৰভু আদানি-আম্বানীকে ধৰি বহুজাতিক পুঁজিৰ মালিকহঁতক দেশহীন শ্রমজীৱী নাগৰিকৰ দ্বাৰা গঠিত বিশাল এক সস্তীয়া মজুৰ বাহিনী উপহাৰ দিব পাৰে।

আমাৰ ৰাজ্যখনতেই দেখিলো আমি কেনেদৰে হেজাৰ হেজাৰ কোটি টকাৰ শৰাধ কৰি উন্নয়নৰ যাৱতীয় কাম পিছ পেলাই কৰা হল এন আৰ চি। দেখিলো  ৰাইজৰ জীয়াতু, দেখিলো মানুহৰ আলৈ আথানি, দেখিলো দেশহীন হোৱাৰ আতংকত চুবুৰীয়া ভাইটোৱে ডিঙিত চিপ লোৱাৰ সকৰুণ দৃশ্য। এন আৰ চিৰ প্রথমখন খচৰা তালিকাত নাম উঠা নাছিল ৪০ লাখ মানুহৰ। অথচ তেতিয়াই ডিঙিৰ শিৰ ফুলাই ফুলাই গোটেই দেশতেই অমিত শ্বাহ বাহিনীয়ে কৈ ফুৰিছিল ৪০ লাখ ‘ঘুচপেটীয়া’ হেনো অসমত এন আৰ চি কৰি সিহঁতে বিচাৰি উলিয়ালে। এন আৰ চি ৰ অন্তিম তালিকাৰ পৰা বাদ পৰি ৰল ১৯ লাখ মানুহ। বাদ পৰা এই সকলৰ ভিতৰত নাই কোন? আছে নৰনাৰায়ণ-চিলাৰায়ৰ বংশধৰৰ পৰা আৰম্ভ কৰি বড়ো-ৰাভা-হাজং-চুতীয়া-মৰাণ-মটক আহোম-নেপালী-গোর্খালি আদিবাসীৰ পৰা মিঞা মুছলমান- বঙালী-বিহাৰী বিভিন্ন জাতি সম্প্ৰদায়ৰ মানুহ, যিসকলৰ আজো ককাকৰো জন্ম ইয়াতেই কিম্বা ভগনিয়া হৈ অহা সকলৰ, যাৰ ৯০ শতাংশতকৈয়ো অধিকৰে ইতিহাসো  তিনিকুৰি বছৰতকৈও পুৰণি। নাম বাদ গৈছে কুটিল ৰাজনীতি আৰু প্ৰশাসনিক বৈষম্যৰ চকৰিত, কোৱা হৈছে বিদেশী ট্ৰিবুনেলত প্ৰমাণ কৰিব লাগিব এইসকলে নিজৰ নাগৰিকত্ব। বাহ, কি চমৎকাৰ! প্ৰমাণ কৰিব নোৱাৰিলে সোমোৱা গৈ ডিটেনচন কেম্পত। দেখিছোঁ আমি ট্ৰিবুনেলৰ প্ৰহসন! আমাৰ মনত আছে ছোনা উল্লাহ, মধুবালা মণ্ডল, অন্নবালা ৰায়, দুলাল পাল ‘বিদেশী’ হৈ ডিটেনচন কেম্পত সোমোৱাৰ কাহিনী! দেখিছোঁ আমি ক্ষমতাৰ আঙুলিৰ ঠাৰত কিদৰে চলে ট্ৰিবুনেলৰ বিচাৰ। ঔপনিবেশিক আমোলৰ সেই বিচাৰ পদ্ধতি, যত অভিযুক্তই প্ৰমাণ কৰিব লাগে অভিযোগৰ ভিত্তিহীনতা। মিথ্যাচাৰৰ সকলো সীমা পাৰ কৰি প্রধান মন্ত্রী ডাঙৰীয়াই এতিয়া কৈছে দেশত হেনো নাই কোনো ডিটেনচন কেম্প।

আৰু দেখিলো এন আৰ চি ৰ নামত কিদৰে পংগু কৰি দিয়া হ'ল অসমৰ অৰ্থনীতিক।  দুটাকৈ অসমৰ কাগজ কল বন্ধ হৈ গ'ল, বেকাৰৰ সংখ্যাই  চুইছে আকাশ, এক সৰ্বাত্মক ধ্বংসৰ গৰাহত অসম। নাগৰিকৰ নাগৰিকত্ব কাঢ়িলে, এতিয়া আকৌ টোপ দিছে ‘কা’-ৰ জৰিয়তে এন আৰ চি চ্যুত হিন্দুক নাগৰিকত্বৰ। কৈছে, ট্ৰিবুনেলত কেচ খেলাৰ বাবে চৰকাৰী ভাবে আমি উকীল দিম। উকিলৰ খৰচ, ট্ৰিবুনেল মেম্বাৰৰ দৰমহাৰ খৰচ, আন্তঃগাঁথনিৰ খৰচ কাৰ পকেটৰ পৰা যাব? ৰাখিছো নে হিচাপ, কিমান হেজাৰ কোটি যাব এইবোৰৰ বাবদ?? মোদী, অমিত শ্বাহৰ প্ৰভুহতে দিব নেকি সেই টকা? সাপ হৈ খুটি বেজ হৈ জৰাৰ কি যে অনুপম নিদৰ্শন! কবলৈ লৈছে মুছলমানকহে বিদেশী বনোৱাৰ কথা। সোনোৱাল মন্ত্রীসভাৰ সৰ্বেসৰ্বা মন্ত্রীগৰাকী আৰু তেওৰ বাহিনীয়ে কৈছে এইবাৰ হেনো ৫১ চনক ভিত্তিবর্ষ ধৰি এন আৰ চি বনাব, ‘কা’-ৰ জৰিয়তে হিন্দুক দিব সুৰক্ষা। ২০০৩ চনত তদানীন্তন বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ আমোলতেই নাগৰিকত্ব আইনত সংশোধনী ঘটাই স্বাধীন সাংবিধানিক ভাৰতৰ বুনিয়াদ ধ্বংসৰ ষড়যন্ত্ৰৰ  মেলা হৈছিল পাতনি আৰু আজি তাকেই পূৰ্ণতা দিয়াৰ বাবে সিহঁত উঠি পৰি লাগিছে। সৌ সিদিনা, দিছ্পুৰৰ গাদীত বহিয়েই দম্ভেৰে ঘোষণা কৰিছিল - ‘কা' আনিম, বাংলাদেশৰ হিন্দুক মাতি আনিম, ঢাল গঢ়িম মিঞাক ভেটাৰ, ৰোধ কৰিম বদৰুদ্দিন মুখ্যমন্ত্ৰী হোৱাৰ বাট। ধান্দাবাজহঁতে ভাবে সিহঁতৰ ধান্দা জনতাই  নুবুজে বুলি। দিছ্পুৰৰ গদীত সৰ্বানন্দ সোনোৱাল বহিল নে হিমন্তবিশ্ব শৰ্মা বহিল, তৰুণ গগৈ বহিল নে কোনোবা বদৰুদ্দিন আজমল, তাত জনতাৰ কোনো মতলব নাই, মতলব আছে জনতাৰ স্বাৰ্থক কোনে দিছে অগ্ৰাধিকাৰ সেই কথাত। আজি যেতিয়া অসমৰ জনতাই জকি উঠিছে সিহঁতে সলাইছে সুৰ, কবলৈ ধৰিছে বাংলাদেশৰ পৰা নঘটে হেনো কোনো ভগনীয়াৰ স্রোত। তেন্তে কিয় আছিল সেই প্ৰৰোচনা? ভোটৰ অংকত অসমীয়া বঙালী সংঘাত সৃষ্টিৰ?? দেশজুৰি ‘কা’-ৰ জৰিয়তে সিহঁতে খেলিব বিচাৰিছে হিন্দু মুচলিম বিভাজনৰ খেলা, ইয়াত তৎপৰ হিন্দু মুচলিম বিভাজনৰ লগতে অসমীয়া-বঙালী বিভাজনৰ খেলখনৰ বাবেও। ঘৃণাৰ সদাগৰ মোদী, শ্বাহহঁতে ঘুগু(কপৌ চৰাই) দেখিছে, ফান্দ দেখা নাই। এইবাৰ সিহঁতক তাকেই দেখুৱাই দিয়াৰ পাল। সিহঁতৰ স্পৰ্ধাৰ প্ৰত্যুত্তৰ দিবলৈ জাগি উঠিছে আজি নতুন ভাৰত।

বাংলাদেশী ভগনীয়াই হৰিব আমাৰ মাত কথা,বিপন্ন হব ভাষা সংস্কৃতি,সেয়া অলীক কথা। বিপদ আহিছে ক্ষমতাৰ কেন্দ্ৰীভৱনৰ পৰা, বিপদ আহিছে জাতিৰ সংজ্ঞাক হিন্দুকৰণৰ পৰা, যাৰ মূল পুৰোহিতো সিহঁতেই। ধৰ্মীয় মেৰুকৰণে কেৱল অসমীয়াৰে নহয়, বঙালীকে ধৰি আৰু বহুতো জাতিৰ ভাঙি দিব ৰাজহাড়; বিপন্ন হব আঞ্চলিক স্বায়ত্বতা, আটাইকে বাধ্য কৰিব দিল্লীত কেন্দ্রীভূত মনুবাদী হিন্দী-হিন্দু আধিপত্যবাদৰ ওচৰত আত্ম সমৰ্পনৰ বাবে।

দীপাঞ্জল দাস, ছেম স্টেফৰ্ড, দিজেন্দ্র পাংগিং, ঈশ্বৰ নায়ক আৰু আব্দুল আলীম- পঞ্চ শ্বহীদৰ আত্ম বলিদান সম্বৃদ্ধ ‘কা’-বিৰোধী স্বতস্ফুৰ্ত জন জাগৰণক বিভক্ত কৰাৰ বাবে চলিছে আজি অহৰহ চৰকাৰী অপচেষ্টা। আজি ‘কা’-বিৰোধী গণ বিক্ষোভে যেতিয়া দেশজুৰি এক অভূতপূৰ্ব গণ অভ্যুত্থানৰ বাট মুকলি কৰিছে, তেতিয়া অসমত আমি দেখিছো ৰজাঘৰৰেই আশীৰ্বাদপুষ্ট বিশেষ এক গোষ্ঠীৰ দ্বাৰা সমগ্র আন্দোলনটোকেই হাইজেক কৰাৰ লেখীয়া এক পৰিস্থিতি। আন্দোলনকাৰী শক্তিসমূহৰ যৌথ নেতৃত্বৰ সলনি স্বতস্ফূৰ্ত এই গণ জাগৰণক মাত্ৰ এটা গোষ্ঠী, তাকো আকৌ এজন বা দুজন নেতাৰ নিয়ন্ত্রণাধীন কৰাৰ চেষ্টা। কাৰোবাক ৰাজকীয় অনুমোদন আৰু কাৰোবাৰ ওপৰত লাঠী-গুলী-কন্দুৱা গেছ; ফাটি পৰা জনতাৰ ক্ষোভক নিয়্ন্ত্ৰণতো বিভেদৰ খেলা, দালাল আৰু আন্দোলনকাৰীৰ ৰূপত ছদ্মবেশী এজেণ্টৰ দ্বাৰা আন্দোলনক বিপথগামী কৰাৰ চৰকাৰী অপচেষ্টা, সকলোবোৰৰেই সাক্ষী আমি। এতিয়া চলিছে ললিপপ দেখুৱাই কা-বিৰোধী আন্দোলনত ভাঙোন অনাৰ কুচ-কাৱাজ। চলিছে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰণৰ নামত বিভ্রান্তি বিয়পোৱাৰ অপচেষ্টা। লগতে আৰম্ভ হৈছে ঔপনিবেশিক আমোলৰ ছেডিছন এক্টৰ ব্যাপক অপপ্ৰয়োগ, চৰকাৰ বিৰোধী প্রতিবাদক ঘোষণা কৰা হৈছে ৰাজদ্ৰোহ হিচাপে।

এই সমস্ত চল-চক্ৰান্তৰ প্ৰত্যুত্তৰ আমি দিবই লাগিব। ঐক্যৰ মাজতে আছে আমাৰ শক্তি। সজাগ হওঁক, জনতাৰ ঐক্য বিনষ্টকাৰী প্ৰতিটো চক্রান্তক ব্যৰ্থ কৰক। আহক, ওপৰত উল্লেখিত দাবী সমূহ  আগত ৰাখি গঢ়ি তোলোঁ সমূহ অসমবাসীৰ বৃহত্তম ঐক্য। আহক, সময়ৰ দাবীক মানি লৈ হিন্দুত্ববাদৰ লগত সাংগাঠনিক তথা মানসিক সম্পৰ্ক ত্যাগ কৰি গঢ়ি তোলো আন্দোলনকাৰী বিভিন্ন গোটৰ সংগ্রামী গণ মঞ্চ। আহক, এই সংগ্রামৰ লগত যুক্ত কৰো ৰুটি ৰুজিকে ধৰি জীৱন জীৱিকাৰ প্ৰশ্নবোৰো। আহক, তুলি ধৰো গণতন্ত্র আৰু ধৰ্ম নিৰপেক্ষতাৰ পতাকা। আহক, খোজত খোজ  মিলাও জাগি উঠা নতুন অসম, নতুন ভাৰত অভিমুখে।
ফেচিবাদ নিপাত যাওক। ইনকিলাব জিন্দাবাদ।।

***  *** *** *** 
‘সন্মিলত নাগৰিক মঞ্চ’ৰ হৈ গোপাল গোস্বামী, হেমেন বৰা, ‘ব্রহ্মপুত্র ভেলী চিভিল ছ’চাইটী’ৰ হৈ ডঃ আতোৱাৰ ৰহমান, ছাহ জাহান তালুকদাৰ, ‘সদৌ অসম আদিবাসী ছাত্র সন্থা’ৰ হৈ ষ্টিফেন লাকৰা, দেবেন ওৰাং, ‘সদৌ অসম সংখ্যালঘূ ছাত্র ইউনিয়ন’ৰ হৈ আজিজুৰ ৰহমান, ৰেজাউল কৰিম চৰকাৰ, ‘অসম সংখ্যালঘূ সংগ্রাম পৰিষদ’ৰ হৈ মহম্মদ আলী খলিফা, ‘দেশপ্রেম’ৰ হৈ ৰফিক আহমেদ, দয়া সাগৰ কলিতা, ‘সংখ্যালঘূ গণতান্ত্রিক যুৱ ছাত্র ফেডাৰেচন’ৰ হৈ আশাদুল হক চৌধুৰী, ‘প্রয়াস’ৰ হৈ পাৰিজাত এন ঘোষ, ‘ভাৰতীয় নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ’ৰ হৈ জমশ্বেৰ আলি, ‘নিখিল ভাৰত বাঙালি সংগঠন’ৰ হৈ মানস ৰায়, ‘নিউ ইণ্ডিয়া স্টুডেন্টচ্ এচোচিয়েচন’ৰ হৈ ছাৰৱাৰ জাহান লস্কৰ, ‘ফ’ৰাম ফৰ চোচিয়েল হাৰমনি’ৰ হৈ হৰকুমাৰ গোস্বামী, শান্তিৰঞ্জন মিত্র, অৰিন্দম দেব, ফাৰুক লস্কৰ, ঋতুৰাজ গোস্বামী, ‘আদিবাসী মাতৃভাষা দাবি সমিতি’ৰ হৈ কিৰন্ময় তাঁতি. ‘কনচেপ্তঃ পিপল এণ্ড আইডিয়াজ, শিবসাগৰ’ৰ হৈ ৰঞ্জিত বৰা, ‘ৱমেন ইন গবৰনেন্স’ৰ হৈ বন্দিতা আচাৰ্য, ,’হিউমেন ৰাইটছ এণ্ড এন্টি কৰাপচন ফাউন্ডেচন, ইণ্ডিয়া’ৰ হৈ নিলিমা বেগম, ‘অসম মজুৰি শ্রমিক ইউনিয়ন’ৰ হৈ মৃণাল কান্তি সোম, কৃষ্ণ গগৈ, দেবজিত চৌধুৰী, ‘জাষ্টিছ ফ’ৰাম, আছাম’ৰ হৈ মতিউৰ ৰহমান, ‘বৰাক হিউমেন ৰাইটছ প্রোটেকচন কমিটি’ৰ হৈ তানিয়া চুলতানা লস্কৰ, ‘মানৱ একতা মঞ্চ, অসম’ৰ হৈ যজ্ঞেশ্বৰ শৰ্মা, ‘নিউ ইণ্ডিয়া ট্রেড ইউনিয়ন ইনিচিয়েটিভ, আছাম’ৰ হৈ মানস দাস, ‘কৃষক-শ্রমিক উন্নয়ন পৰিষদ’ৰ হৈ প্রদীপ কলিতা, ‘ঝাড়খণ্ডী আদিবাসী সংগ্রাম পৰিষদ’ৰ হৈ ৰবচন মুণ্ডা, ৰতন হেমব্রমৰ দ্বাৰা প্রকাশিত আৰু প্রচাৰিত।

0 comments:

স্বাভিমান:SWABHIMAN Headline Animator

^ Back to Top-উপরে ফিরে আসুন